কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত ‘সুৰৰে দেউলৰে’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সোঁৱৰণত আজি আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত আৰু ইনলি ফাউণ্ডেচনৰ সহযোগত সুৰৰে দেউলৰে শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে আজি পুৱা চানমাৰিৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত থকা ৰিক্ৰিয়েচন ক্লাবত অমৰেন্দ্ৰ শৰ্মা, দিপক কুমাৰ দাস আৰু ছাদিক আনাম ৰহমানৰ তত্বাৱধানত প্ৰথমৰ পৰা পঞ্চম আৰু ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত দুটি শাখাত বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ সৈতে সংগতি থকা ছবি অংকনৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত আয়োজিত সুৰৰে দেউলৰে শীৰ্ষক অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামীয়ে বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আৰু সষ্টিৰাজী সন্দৰ্ভত আলোকপাত কৰে। একেটা অনুষ্ঠানতে সৃষ্টিৰ ৰণুৱা ঘোঁৰাঃ বিষ্ণু প্ৰসাদ ৰাভা শীৰ্ষক এখনি আলেখ পৰিৱেশন কৰা হৈছে। অনুষ্ঠানটোৰ সামগ্ৰিক পৰিকল্পনা, ৰবিন চন্দ্ৰ বড়োৰ, ব্যৱস্থাপনা নয়ন প্ৰসাদৰ ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।