December 19, 2025 12:50 PM | air ghy prasngik

printer

আকাশবাণী গুৱাহাটীৰ আজি বিয়লি ৩.০৫ বজাৰ বিশেষ প্রাসংগিক অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ খণ্ড উন্নয়ন বিষয়া জোনালী নাথৰ সাক্ষাৎকাৰ প্ৰচাৰ

আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশমৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্রাসঙ্গিক অনুষ্ঠানত আজি বিয়লি ৩ বাজি ৫ মিনিটত কাৰ্বি আংলং জিলাৰ চামেলাংচ’ উন্নয়ন খণ্ডত ৰূপায়িত আঁচনি সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া জোনালী নাথৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ’ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ কাৰ্বি আংলং জিলাৰ সংবাদদাতা কাংবুৰা ছিংনাৰ। অনুষ্ঠানটি নিশা ৯ বাজি ১৫ মিনিটত পুনৰ প্ৰচাৰ কৰা হ’ব।