ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 20, 2025 12:37 PM | air ghy dristipat

printer

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত সু-সাহিত্যিক আৰুণি কাশ্যপৰ সাহিত্যিক সৃষ্টিৰাজী সন্দৰ্ভত আলোকপাত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ ক্ৰিয়েটিভ ৰাইটিং বিভাগৰ সহযোগী অধ্যাপক তথা অসমীয়া আৰু ইংৰাজী ভাষাৰ সু-সাহিত্যিক আৰুণি কাশ্যপে কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত তেওঁৰ সাহিত্যিক সৃষ্টিৰাজী সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা কথোপকথনত কৃষ্ণাংগ আমেৰিকান আৰু জনজাতীয় আমেৰিকান সাহিত্যিকৰ সাহিত্যকর্মই অনুপ্ৰাণিত কৰা বুলি শ্ৰী কাশ্যপে উল্লেখ কৰে। তেওঁ কয়, যে অসমৰ থলুৱা পটভূমিক ৰচিত সাহিত্যকো বিশ্ব দৰবাৰলৈ লৈ যাব পাৰি সেই কথা তেওঁ এই লেখকসকলৰ লিখনিৰ জৰিয়তে উপলব্ধি কৰি উঠিছিল।  অসমত সৃষ্টিশীল লিখনিৰ আনুষ্ঠানিক শিক্ষাৰ প্ৰাসংগিকতা সন্দৰ্ভত শ্রী কাশ্যপে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক প্রয়োজনীয় পদক্ষেপ গ্ৰহণৰ আহ্বান জনায়। এনে পদক্ষেপৰ জৰিয়তে নৱ প্ৰজন্মৰ লেখক- লেখিকাসকল বহুলভাৱে উপকৃত হ’ব বুলি তেওঁ কয়। প্ৰয়োজনত সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলিও তেওঁ মন্তব্য কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।