আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিতকৰণ আঁচনি সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ’ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড° দেৱজিৎ মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।
Site Admin | December 19, 2025 12:27 PM | air dristipat
আকাশবাণী গুৱাহাটীৰ কাইলৈ ‘দৃষ্টিপাত’ অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিতকৰণ আঁচনি সন্দৰ্ভত আলোচনা