ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 12, 2025 8:14 PM | air ghy dristipat

printer

প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈ ‘বিশেষ দৃষ্টিপাত’ অনুষ্ঠান

প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ’ব। জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী, এট্ৰনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকুৰ আৰু পথ অভিযান্ত্ৰিক বিষয়ৰ পৰামৰ্শদাতা ত্রিদীপ চাংমাইয়ে অংশগ্রহণ কৰিবলগীয়া অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। এই অনুষ্ঠান ৰাজ্যখনৰ কেইবাটাও আকাশবাণী কেন্দ্ৰই ৰিলে কৰিব ।

আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সম্পৰ্কত আমাৰ সংবাদদাতা সকলৰ প্ৰতিবেদনৰ ভিত্তিত অহা ১৪ ছেপ্তেম্বৰ দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব।