ডাউনলোড
মোবাইল এপ

android apple
signal

আকাশবাণীৰ সঞ্চালকপ্ৰধান ড0 প্ৰজ্ঞা পালিৱাল গৌড়ে কাইলৈ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰিব

আকাশবাণীৰ সঞ্চালকপ্ৰধান ড0 প্ৰজ্ঞা পালিৱাল গৌড় আজি বিয়লি গুৱাহাটীলৈ আহিব আৰু কাইলৈ তেওঁ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰিব। সঞ্চালকপ্ৰধানগৰাকীয়ে কালি শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। আকাশবাণীৰ শ্বিলং, তুৰা, জোঁৱাই আৰু নংষ্টইন কেন্দ্ৰৰ বিষয়াবৰ্গই অংশগ্ৰহণ কৰা এই পৰ্যালোচনা বৈঠকত ড° গৌড়ে কেন্দ্ৰসমূহৰ অনুষ্ঠানশৈলীত অভিনৱত্ব সংযোগেৰে বিজ্ঞাপন আহৰণৰ অধিক প্ৰয়াস চলাবলৈ বিষয়াবৰ্গক নির্দেশ দিয়ে। তেওঁ কয়, যে উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰোতাসকলৰ উপযোগীকৈ অনুষ্ঠানসমূহ অধিক আকর্ষণীয় কৰি তুলিব পাৰিলেহে বিজ্ঞাপনৰ জৰিয়তে এই কেন্দ্ৰসমূহে উপাৰ্জন কৰিব পাৰিব। দেওবাৰে সঞ্চালকপ্ৰধানগৰাকী নতুন দিল্লীলৈ উভতি যাব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।