ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 29, 2024 7:34 PM | AIIMS | Guwahati

printer

এইমছৰ চাংসাৰিস্থিত চৌহদত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত আয়োজিত বিশেষ অনুষ্ঠানৰ জৰিয়তে দেশৰ স্বাস্থ্যখণ্ডৰ সেৱাসমূহৰ উন্নীতকৰণৰ উদ্দেশ্যে ভার্চুৱেল ব্যৱস্থাৰে ১২ হাজাৰ ৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষ স্বাস্থ্য খণ্ড প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে এইমছৰ চাংসাৰিস্থিত চৌহদত আয়োজিত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভালেকেইগৰাকী সাংসদ আৰু বিধায়কে এই কার্যসূচীত অংশ লয়। এই অনুষ্ঠানযোগে প্রধানমন্ত্ৰীগৰাকীয়ে লগতে দেশৰ স্বাস্থ্য আৰু সম্পদৰ দিশত তেওঁ দৃষ্টিভংগীৰ বিষয়ে দেশবাসীক অৱগত কৰে। অনুষ্ঠানত দেশৰ আন প্ৰান্তৰ লগতে এইমছ গুৱাহাটীত ৰেডিঅ’ থেৰাপি ব্লক, এম আৰ আই থ্রী-টি, ডেক্সা স্কেন, প্রেক্ষাগৃহ, বাই-প্লেন আৰু নিশাৰ আশ্ৰয়ৰ সুবিধাসমূহ উদ্বোধন কৰা হয়। অনুষ্ঠানটোত আয়ুষ মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়, ফার্মাচিউটিকেল বিভাগ আৰু কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ বিভিন্ন প্ৰকল্পৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। একেটা অনুষ্ঠানতে আয়ুষ্মান ভাৰত প্রধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সম্প্ৰসাৰিত সংস্কৰণ মুকলি কৰাৰ লগতে ইউ-ৱিন প’ৰ্টেল উদ্বোধন কৰা হয় ৷