September 19, 2025 12:21 PM

printer

২০২৬ চনত ভাৰতত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় সন্মিলনৰ প্রতীকচিহ্ন আৰু মূল কাৰ্যসূচী মুকলি

কেন্দ্রীয় ইলেক্ট্রনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষাৰ নিয়মাৱলী চূড়ান্ত কৰা হৈছে আৰু অতি সোনকালে এই নিয়মাৱলী প্ৰকাশ কৰা হব। ২০২৬ চনত ভাৰতত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় আলোচনাৰ বাবে হবলগীয়া সন্মিলনৰ প্রতীকচিহ্ন আৰু মূল কাৰ্যসূচী মুকলি কৰাৰ সময়ত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত বৰ্তমান ৩৮ হাজাৰ গ্রাফিকছ্ নির্মাণ কেন্দ্র আছে আৰু অদূৰ ভৱিষ্যতে অধিক কেন্দ্ৰ উপলব্ধ কৰোৱা হব। ৫০০ৰো অধিক তথ্য আৰু কৃত্রিম বুদ্ধিমত্তা সম্পৰ্কীয় পৰীক্ষাগাৰৰ সম্প্ৰসাৰণে কৃত্রিম বুদ্ধিমত্তা আৰু ইলেক্ট্রনিকছৰ ক্ষেত্ৰত সৰ্বাংগীন বৃদ্ধি, অত্যাধুনিক প্রযুক্তি আৰু দেশৰ গোলকীয় নেতৃত্বৰ পথ প্ৰশস্ত কৰিব বুলি শ্রীবৈষ্ণৱে মন্তব্য কৰে। তেওঁ কয় যে, কৃত্রিম বুদ্ধিমত্তা উদ্যমে ভাৰতত চকুত লগা অগ্রগতি লাভ কৰিছে আৰু দেশৰ বিভিন্ন খণ্ডলৈ সুবিধা প্ৰদান কৰিব পৰাকৈ এই উদ্যমৰ বিকাশ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী বৰ্ষত ভাৰতত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় আলোচনাৰ বাবে সন্মিলনৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগা এই সন্মিলনত বিভিন্ন দেশৰ চৰকাৰৰ মুৰব্বীয়ে যোগ দিব বুলি তেওঁ সদৰী কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।