যোৱা নিশালৈকে আহমেদাবাদৰ বিমান দুর্ঘটনাত নিহত ১২৫ গৰাকী লোকক ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হৈছে। ইয়াৰে ৮৩টা মৃতদেহ ইতিমধ্যে পৰিয়ালক অৰ্পণ কৰা হৈছে। গুজৰাটৰ স্বাস্থ্যমন্ত্ৰী ৰুশিকেশ পেটেলে সামাজিক মাধ্যমৰ এটা পোষ্টত এই বিষয়ে প্ৰকাশ কৰি কয় যে যথাযথ প্ৰক্ৰিয়া আৰু চিনাক্তকৰণৰ প্রয়োজনীয় বিধি সম্পূৰ্ণ হোৱাৰ কিছু সময়ৰ পাছতে বাকী থকা মৃতদেহসমূহো পৰিয়াললৈ হস্তান্তৰ কৰা হ’ব। ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগত ফৰেনছিক আৰু আইনী আনুষ্ঠানিকতা ক্ষিপ্ৰতাৰে সম্পন্ন কৰাটো নিশ্চিত কৰা বুলি মন্ত্ৰীগৰকীয়ে জানিবলৈ দিয়ে। ইপিনে, বিমান দুর্ঘটনাটোত নিহত প্রাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়া কালি সন্ধিয়া ৰাজকোটত ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়।
Site Admin | June 17, 2025 9:53 AM | Ahmedabad plane crash dna test
আহমেদাবাদৰ বিমান দুর্ঘটনাত নিহত ১২৫গৰাকী লোকক ডি এন এ পৰীক্ষাৰ জৰিয়তে চিনাক্ত