আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্তকাৰী বিষয়াসকলে দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ ককপিট ভইচ ৰেকৰ্ডাৰ ব্লেক বক্স উদ্ধাৰ কৰা হৈছে বুলি নিশ্চিত কৰিছে। এই ব্লেক বক্সে বিমান দুর্ঘটনাটোৰ সম্ভাৱ্য কাৰণ বিচাৰি উলিওৱাত সহায় কৰিব। এই পর্যন্ত আহমেদাবাদৰ বিমান দুর্ঘটনাত ২৪১ জন যাত্রীসহ মুঠ ২৭০ জনৰ প্ৰাণহানি হৈছে। ইয়াৰ পূৰ্বে বিমান দুর্ঘটনা তদন্তকাৰী সংস্থা এএআইবিয়ে দুর্ঘটনাস্থলীৰ পৰা কেৱল ফ্লাইট ডাটা ৰেকৰ্ডাৰ- এফ ডি আৰ উদ্ধাৰ হৈছে বুলি নিশ্চিত কৰিছিল।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান সচিব পি কে মিশ্ৰই কালি ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ৰাজ্যখনৰ আৰক্ষী বিভাগৰ মুৰববী বিকাশ সাহাইয়ে শ্রীমিশ্রক সবিশেষ অৱগত কৰে। তদুপৰি বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৰ এগৰাকী বিষয়াও তদন্তৰ অগ্ৰগতি সন্দৰ্ভত শ্রীমিশ্ৰক অৱগত কৰে। শ্রীমিশ্ৰই দুর্ঘটনাগ্রস্ত ছাত্রাবাসটোও পৰিদৰ্শন কৰে। ভাৰতৰ বিমান দুর্ঘটনা তদন্তকাৰী সংস্থাৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব‘ৰ্ডেও এই ঘটনাৰ তদন্ত কৰিব। বিমানখনত থকা দুয়োটা ব্লেক বক্স উদ্ধাৰ হোৱাৰ পাছত দুৰ্ঘটনাৰ কাৰণ বিচৰাত সহজ হ‘ব বুলি দুয়ো তদন্তকাৰী সংস্থাই আশা প্ৰকাশ কৰিছে।