আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া অব্যাহত আছে। ডি এন এ পৰীক্ষাৰ যোগেদি গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীসহ এই পর্যন্ত ৮০ জন যাত্ৰীৰ মৃতদেহ চিনাক্ত কৰা হৈছে বুলি হাস্পতাল কৰ্তৃপক্ষই প্রকাশ কৰিছে। ইতিমধ্যে ৩৩ গৰাকী যাত্ৰীৰ মৃতদেহ তেওঁলোকৰ পৰিয়ালবৰ্গক চমজাই দিয়া হৈছে। গুজৰাট চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যুৰ পাছত আজি ৰাজ্যিক শোক পালন কৰিছে। আজি সন্ধিয়া ৰাজকোটত ৰাজ্যিক মর্যাদাৰে প্ৰয়াত নেতাজনৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ‘ব।