ডাউনলোড
মোবাইল এপ

android apple
signal

June 14, 2025 8:07 PM | Ahmadabad

printer

আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ সচিবৰ নেতৃত্বত এখন উচ্চ স্তৰীয় সমিতি গঠন

আহমেদাবাদত পৰহি সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমানৰ শোকাবহ দুৰ্ঘটনাৰ তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ সচিবৰ নেতৃত্বত এখন উচ্চ স্তৰীয় সমিতি গঠন কৰা হৈছে আৰু সমিতিখনে তিনিমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডুৱে আজি এখন সংবাদমেল যোগে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেকবক্স ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ পৰাই দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে সকলো তথ্য পোৱা যাব। তেওঁ কয়, যে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে ৩৪ খন বোয়িং 787 বিমান নিৰীক্ষণৰ নিৰ্দেশ দিছে আৰু ইয়াৰে ৮ খন তাৎক্ষনিকভাৱে নিৰীক্ষণ কৰা হৈছে। এই দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে অৱগত কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক