সমাগত বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰাজনৈতিক কার্যকলাপ বৃদ্ধি পাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ বিহাৰ ভ্ৰমণৰ দ্বিতীয় দিনা দলীয় নেতা আৰু কৰ্মকৰ্তাসকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰে। সমষ্টিপুৰৰ নেতা আৰু কৰ্মীসকলৰ সৈতেও তেওঁ নির্বাচনী কৌশল সন্দৰ্ভত পর্যালোচনা কৰে। বৈঠকৰ সময়ত শ্ৰী শ্বাহে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ ভিতৰচৰাত একতা বজাই ৰখাৰ ক্ষেত্ৰত জোৰ দিয়াৰ লগতে বিধানসভা নিৰ্বাচনত দলটোৱে সংখ্যা গৰিষ্ঠতা লাভ কৰাটো নিশ্চিত কৰিবলৈও কর্মীসকলক আহ্বান জনায়। এই নির্বাচনী বৈঠকত মিথিলাঞ্চল এলেকাৰ সমষ্টিপুৰ, মধুবনী আৰু ডাভাঙা জিলাকে ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাৰ দলীয় নেতা আৰু কৰ্মীসকলে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায় আৰু ৰঘুবংশ চৌধাৰী, বিহাৰ বিজেপিৰ সভাপতি ড০ দিলীপ জয়ছোৱাল, উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰী আৰু বিজয় কুমাৰ সিনহাকে ধৰি দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা বৈঠকত উপস্থিত থাকে। ইপিনে পাটনাত আৰ জে ডিৰ নেতা তেজস্বী প্রসাদ যাদবে আজি কাৰপুৰী আৰ্টী পিছৰা অধিকাৰ সন্মিলনৰ আয়োজন কৰে। তদুপৰি সীমাঞ্চল এলেকাৰ বিভিন্ন জিলাত এ আই এম আই এম দলৰ মুৰব্বী আছাদুদ্দিন অ’ৱেচিয়েও কৰ্মচাৰী সন্মিলনৰ আয়োজন কৰে।
Site Admin | September 27, 2025 8:21 PM | Ahead of Bihar Elections | Amit Shah Holds Key Strategy Meeting with BJP Leaders in Samastipur
বিহাৰত অমিত শ্বাহৰ দলীয় নেতা-কৰ্মীৰ সৈতে বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা