কংগ্ৰেছে ন্যূনতম সমর্থন মূল্য সন্দৰ্ভত কৃষকসকলক বিপথে পৰিচালিত কৰা বুলি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে অভিযোগ কৰিছে। বিজেপি নেতাগৰাকীয়ে কংগ্ৰেছৰ শাসনকালত সকলো শস্যৰ ন্যূনতম সমর্থন মূল্য উৎপাদন ব্যয়ৰ তুলনাত সামান্য অধিক আছিল কিন্তু বিজেপি চৰকাৰে সমৰ্থন মূল্য যথেষ্ট বৃদ্ধি কৰিছে বুলি দাবী কৰে। তেওঁ কয় যে, চৰকাৰে ন্যূনতম সমৰ্থন মূল্যকে ধৰি কৃষকসকলৰ পাৰিশ্ৰমিকৰ গোটেই ব্যৱস্থাটো শক্তিশালী কৰি তুলিছে। তেওঁ কয়, যে বর্তমান চৰকাৰে ন্যূনতম সমৰ্থন মূল্যৰ বাবদ খেতিয়কসকলক ২৩ লাখ কোটি টকা আদায় দিছে। কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ ১০ বছৰীয়া শাসন কালত ন্যূনতম সমৰ্থন মূল্যৰ বাবদ ৭ লাখ কোটি টকাহে আবণ্টন দিয়া হৈছিল বুলি তেওঁ উল্লেখ কৰে। শ্ৰীচৌহানে কয়, যে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ন্যূনতম সমৰ্থন মূল্যই হওক অথবা আয় বৃদ্ধি বা নতুন প্ৰযুক্তিৰ প্ৰৱৰ্তন সকলো ক্ষেত্ৰতে কৃষকসকলৰ বাবে অভূতপূৰ্ব কাম কৰিছে। মোদী চৰকাৰৰ দিনত দাইল, তৈল বীজ আৰু কপাহৰ মূল্য কেইবাগুণো বৃদ্ধি পোৱা বুলি তেওঁ দাবী কৰে। তেওঁ কয়, যে জনসাধাৰণ সৈতে বিচ্ছিন্ন হোৱা কংগ্ৰেছ এতিয়া ভিত্তিহীন অভিযোগ উত্থাপন কৰা একাংশ প্ৰভাৱবিহীন নেতালৈ সীমিত হৈ পৰিছে।
Site Admin | May 30, 2025 10:16 AM | Agriculture Minister accuses Congress of misleading farmers on MSP
ন্যূনতম সমর্থন মূল্য সন্দৰ্ভত কৃষকসকলক কংগ্ৰেছে বিপথে পৰিচালিত কৰাৰ অভিযোগ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ
