কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ে ২০২৪-২৫ বৰ্ষৰ বাবে প্রধান কৃষিজাত সামগ্রী উৎপাদনৰ দ্বিতীয় পূর্বানুমান প্রতিবেদন প্রকাশ কৰিছে। পূর্বানুমান অনুসৰি খাৰিফ কৃষিজাত শস্যৰ উৎপাদন প্রায় ৬৬ লাখ মেট্রিক টন হোৱাৰ ৰবি খাদ্য শস্যৰ উৎপাদন এহেজাৰ ৬৪৫ লাখ মেট্রিক টনতকৈও অধিক হ‘ব বুলি অনুমান কৰা হৈছে । খাৰিফ ধানৰ উৎপাদন ২০২৩-২৪ বৰ্ষৰ প্ৰায় এহেজাৰ ১৩২ লাখ মেট্রিক টনৰ পৰা বৃদ্ধি হৈ এহেজাৰ ২০৬ লাখ মেট্রিক টন হ‘ব বুলি আশা কৰা হৈছে। তুৰ আৰু মাহজাতীয় শস্যৰ উৎপাদন ৩৫ লাখ ১১ হাজাৰ মেট্রিক টন আৰু ১১৫ লাখ ৩৫ মেট্রিক টনলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। প্ৰধান কৃষিজাত শস্যৰ তথ্য প্ৰকাশ কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কৃষি খণ্ডৰ বিকাশৰ বাবে অবিৰতভাৱে কাম কৰি আছে। তেওঁ কয়, যে মন্ত্রালয়ে বিভিন্ন আঁচনিৰ জৰিয়ে কৃষকসকলক সহায় আৰু উৎসাহ যোগাই আহিছে। ইয়াৰ ফলত কৃষিজাত শস্যৰ উৎপাদন যথেষ্ট বৃদ্ধি পাইছে।
Site Admin | March 11, 2025 1:02 PM | agriculture
২০২৪-২৫ বৰ্ষত কৃষিজাত শস্যৰ উৎপাদন বৃদ্ধি পোৱা বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ৰ প্ৰকাশ
