গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

অসম গণ পৰিষদৰ দলৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত আজি দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সমাগত উপ নির্বাচন, পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক কাম-কাজ আৰু ভৱিষ্যৎ পৰিকল্পনা বিভিন্ন বিষয়ে আলোচনা কৰা হয়। তদুপৰি কাৰ্যনিৰ্বাহক সভাত তৃণমূল পৰ্যায়ত দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে ৰণকৌশল ৰচনাৰ বিভিন্ন দিশ সম্পর্কতো আলোচনা কৰা হয়। সভাত দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, ভাতৃ-ভগ্নী সংগঠন তথা জিলা সমিতি সমূহৰ সভাপতি আৰু সম্পাদকসকল উপস্থিত থাকে।