ডাউনলোড
মোবাইল এপ

android apple
signal

August 11, 2025 8:39 PM | agp nagaland

printer

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নে’ফিউ ৰিঅ’ৰ সৈতে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ বৈঠক

অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আজি নাগালেণ্ডৰ ডিমাপুৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা নেচনেলিষ্ট ডেম’ক্রেটিক প্ৰগেছিভ পাৰ্টিৰ প্ৰতিষ্ঠাপক নে’ফিউ ৰিঅ’ক সাক্ষাৎ কৰে। সাক্ষাতৰ অন্তত অগপৰ সভাপতি শ্ৰীবৰাই সামাজিক মাধ্যমযোগে কয়, যে ৰিঅ’ৰ মুখ্যমন্ত্ৰিত্বৰ সময়ছোৱাত নাগালেণ্ডৰ সৈতে অসমৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় হৈছে। নাগালেণ্ডত শান্তি আৰু উন্নয়নৰ প্ৰতি ত্বৰান্তিত কৰাৰ দিশত ৰিঅ’ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলিও অগপৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে অসমৰ শুভাকাংশী ৰিঅ’ৰ সৈতে বন্ধুত্বক অসম গণ পৰিষদে সদায়েই সন্মান কৰি আহিছে। চুবুৰীয়া ৰাজ্যখনৰ সৈতে সদিচ্ছাৰ বান্ধোন, আঞ্চলিক সম্প্রীতি বজাই ৰখাৰ ক্ষেত্ৰত অসম গণ পৰিষদে গুৰুত্ব আৰোপ কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে। সাক্ষাৎকালত নাগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰী টি আৰ জেলিয়াং, এন ডি পি পিৰ সভাপতি চিংগৱাং কন্যাক, উপ-সভাপতি ৰুছেমটং লংকুমাৰ উপস্থিত থাকে।