ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতীয় সেনা অগ্নিবীৰ সকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ ৰাজনাথ সিং

■ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতীয় সেনা অগ্নিবীৰ সকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীসিঙে অগ্নিবীৰ অজয় কুমাৰক প্ৰদান কৰা বেতন তথা অন্যান্য সা- সুবিধাসমূহৰ বিষয়ে ভাৰতীয় সেনা বাহিনীয়ে দিয়া স্পষ্টিকৰণ সম্পৰ্কে প্ৰকাশ কৰিছে। ভাৰতীয় সেনাই কৈছে যে, কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱা অগ্নিবীৰ অজয় কুমাৰৰ নিকটাত্মীয়ক কোনোধৰণৰ ক্ষতিপূৰণ দিয়া হোৱা নাই বুলি দিয়া কিছুমান বার্তা সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে। বাহিনীটোৱে কৈছে যে, ভাৰতীয় সেনাই অগ্নিবীৰ অজয় কুমাৰৰ সৰ্বোচ্চ ত্যাগক সন্মান জনায় আৰু তেওঁৰ শেষকৃত্যও সম্পূৰ্ণ সৈনিক মর্যাদাৰে সম্পন্ন কৰা হয়। ভাৰতীয় সেনাই লগতে কয় যে, অগ্নিবীৰ অজয়ৰ পৰিয়ালক প্ৰদান কৰিবলগীয়া সম্পূর্ণ মূল্য ভিতৰত ৯৮ লাখ ৩৯ হাজাৰ টকা ইতিমধ্যে দিয়া হৈছে। বাহিনীটোৱে কয় যে, অগ্নিবীৰ আঁচনিৰ অধীনত লাভ কৰিবলগীয়া এককালীন সাহায্য আৰু অন্যান্য সা-সুবিধাসমূহৰ পৰিমাণ হৈছে প্ৰায় ৬৭ লাখ টকা আৰু আৰক্ষীৰ সত্যাসত্য নিৰূপনৰ পাছতে বাকী থকা মূল্য পৰিশোধ কৰা হ’ব। তেওঁৰ পৰিয়ালে লাভ কৰিবলগীয়া সম্পূৰ্ণ পৰিমাণ হৈছে প্ৰায় ১ কোটি ৬৫ লাখ টকা। ভাৰতীয় সেনা বাহিনীয়ে লগতে অগ্নিবীৰকে ধৰি শ্বহীদ হোৱা সকলো সৈনিকৰে নিকটাত্মীয়ই পাবলগীয়া ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত দ্রুত পদক্ষেপ গ্ৰহণ কৰে বুলিও সজোৰে প্ৰকাশ কৰে।