নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিভাৱকসকলে সন্তানক বিশেষ গুৰুত্ব দিব লাগে। ত্ৰিপুৰা ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আগৰতলাৰ প্ৰজ্ঞা ভৱনত আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত ভাষণ দি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই কালি এইদৰে প্ৰকাশ কৰে।
এইচ আই ভি তথা এইডছৰ বিৰুদ্ধে সজাগ হোৱাৰ লক্ষ্যৰে বিদ্যালয়- মহাবিদ্যায়ত ৰেড ৰিবন ক্লাব বৃদ্ধিতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। সকলোৱে একেলগে কাম কৰিলে ত্ৰিপুৰাক এইচ আই ভি মুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে, ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবত এইচ আই ভিৰ সংক্ৰমণ উদ্বেগজনক। এইচ আই ভি আক্ৰান্তৰ ক্ষেত্ৰত বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত ত্ৰিপুৰা চতুৰ্থ স্থানত আছে আৰু এয়া চিন্তাৰ বিষয় বুলিও তেওঁ মন্তব্য কৰে। ড্ৰাগছৰ পৰা হব পৰা বিপদৰ প্ৰতি অভিভাৱকসকলকসাৱধান হ’বলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়, যে ছাত্ৰ জীৱনত বেয়া অভ্যাসৰ প্ৰৱণতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।