ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০১৪ৰ পৰা ২০২৩ চনলৈ বিগত ১০ বছৰত দেশত ১২ কোটি ৫০ লাখ কর্ম সংস্থাপন সৃষ্টি হৈছে: বিজেপি

■ বিজেপিয়ে কৈছে যে, ২০১৪ৰ পৰা ২০২৩ চনলৈ বিগত ১০ বছৰত দেশত ১২ কোটি ৫০ লাখ কর্ম সংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত ভাৰত বিশ্বৰ সৰ্বাধিক কর্মসংস্থাপন সৃষ্টি কৰা আগশাৰীৰ ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ২০০৪ আৰু ২০১৪ৰ মাজৰ সময়ছোৱাত ইউ পি এৰ শাসন কালত মাত্র ২ কোটি ৯০ লাখ কর্মসংস্থাপন সৃষ্টি হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত ৰাজনৈতিক ইচ্ছা শক্তিৰ সৈতে এখন সুস্থিৰ চৰকাৰ গঠন হৈছে আৰু ইয়াৰ ফলত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাইছে বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে।