ডাউনলোড
মোবাইল এপ

android apple
signal

এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী খেলত হংকঙক ৯৪ ৰানত পৰাস্ত আফগানিস্তানৰ

আবু ধাবিত অনুষ্ঠিত এছিয়া কাপ ক্রিকেট প্রতিযোগিতাৰ উদ্বোধনী খেলখনত যোৱা নিশা আফগানিস্তানে হংকঙক ৯৪ ৰানত পৰাস্ত কৰে। গ্ৰুপ-বিৰ এই খেলখনত প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আফগানিস্তানে নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ছেদিকুল্লাহ অটলে ৭৩ ৰান কৰে। আজমতুল্লাহ ওমৰজায়ে ২০টা বলত অৰ্ধশতক অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আফগানিস্তানৰ হৈ আটাইতকৈ কম বলত অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। প্ৰত্যুত্তৰত হংকঙে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ৯৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ বাবৰ হায়াতে সৰ্বাধিক ৩৯ ৰানৰ বৰঙণি আগবঢ়ায় । ইপিনে ভাৰতে আজি আয়োজক সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত নিজৰ অভিযান আৰম্ভ কৰিব। গ্ৰুপ-এৰ এই খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত খেলোৱা হ’ব। খেলখন নিশা ৮ বজাত আৰম্ভ হ’ব।