ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 25, 2025 7:31 PM | Advantage Assam 2.0

printer

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যখনৰ বিনিয়োগ ক্ষেত্ৰত ১ লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত ৰাজ্যখনৰ বিনিয়োগ ক্ষেত্ৰত ১ লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰত অনুমোদন জনোৱা হৈছে। অন্যান্য জিলাতো আয়ুক্তসকলে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কোকৰাঝাৰ জিলাত আজি এডভান্টেজ আছাম সন্মিলনৰ অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হয় ৷ জিলাখনৰ বিজ্ঞান মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত গুৱাহাটী আয়োজিত মূল কাৰ্যসূচীৰ অংশ হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনত আজি ২৯ গৰাকী উদ্যোগীয়ে ১৫০ কোটি টকাৰ বুজা বুজিৰ চুক্তিত স্বাক্ষৰ কৰে। জিলাখনত নতুন ব্যৱসায় আৰু উদ্যোগত বিনিয়োগৰ বাবে এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। অনুষ্ঠানত কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰী, জিলা আয়ুক্ত মাছান্দা পাৰ্টিনৰ উপৰি কেইবাগৰাকীও শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰে।

বৰপেটা জিলাত অহা ডেৰ বছৰৰ ভিতৰত ব্যক্তিগত খণ্ডত প্ৰায় ২০২ কোটি টকা বিনিয়োগ হব বুলি আজি জিলাখনৰ আয়ুক্ত ৰোহন কুমাৰ ঝাই সদৰি কৰিছে। এডভাণ্টেজ আছামৰ অংশ হিচাপে আজি জিলাখনত ৭৫ গৰাকী বিনিয়োগকাৰীৰ সৈত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়। এই চুক্তিসমূহৰ ভিতৰত স্বাস্থ্য খণ্ডৰ সৈতে জড়িত চুক্তিৰ সংখ্যা অধিক। জিলাখনৰ সৰভোগ আৰু বহৰীত দুখন ঔদ্যোগীক পাম স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে বুলি আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। এই পামত উদ্যোগ স্থাপনৰ বাবে আগ্ৰহীসকলক চৰকাৰে ভূমি প্ৰদান কৰিব বুলিও শ্রী ঝাই জানিবলৈ দিয়ে।

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি গুৱাহাটীৰ গণেশগুৰিৰ কৰ ভৱনৰ প্ৰেক্ষাগৃহতো আজি এই সন্মিলনৰ অংশ হিচাপে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়। থলুৱা উদ্যোগসমূহক অধিক শক্তিশালী ক ৰাৰ বাবে ৭৬ খন চুক্তিপত্ৰত স্বাক্ষৰ কৰা হয়। উল্লেখযোগ্য যে জিলাখনত ২১৯ টা প্ৰকল্প লোৱা হৈছে আৰু ইয়াৰ ভিতৰত ৫০ কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষ ১২টা আৰু ৫০ কোটিতকৈ কম ধন ব্যয়সাপেক্ষ ২০৭টা প্রকল্প আছে। এই চুক্তিসমূহৰ বাবে ৩৮৫ কোটি ৩৭ লাখ টকা ব্যয় কৰা হব ।

নগাঁও জিলাত ৯৮ গৰাকী বিনিয়োগকাৰীয়ে বিভিন্ন উদ্যোগীক ক্ষেত্ৰত ৫১১ কোটি টকা বিনিয়োগ কৰিব। আজি ৩১ গৰাকী বিনিয়োগৰাকীয়ে চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

বঙাইগাঁও জিলাত আজি এডভান্টেজ আছামৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰাৰ উপৰি ২৪ গৰাকী ব্যৱসায়ী আৰু জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ মহাপ্ৰবন্ধক তথা সংশ্লিষ্ট বিষয়াসকলৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। তামুলপুৰ জিলাতো আজি এই অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্রীভূমি জিলাত আজি ৩২ গৰাকী উদ্যোগপতিয়ে ১২১ কোটিতকৈ অধিক টকাৰ বিনিয়োগৰ বাবে জিলা প্ৰশাসনৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। খনি আৰু খনিজ সামগ্ৰী ৰপ্তানি, মচলা উৎপাদন, মীন পালন, টো মবাইল, বৈদ্যুতিক সঁজুলী, কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত এই চুক্তিসমূহ স্বাক্ষৰ কৰা হয়। ইয়াৰ ফলত ৭৮৪ জন লোকৰ কৰ্মসংস্থাপন মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি জিলা আয়ুক্তই প্ৰকাশ কৰে ।

শোণিতপুৰ জিলাত আজি ৩৮ টা উদ্যোগ প্ৰতিষ্ঠানৰ সৈতে জিলা প্ৰশাসনে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ ফলত এহেজাৰ যুৱক-যুৱতীৰ বাবে ব্যৱসায়ৰ নতুন সুবিধা আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হব বুলি আশা কৰা হৈছে। কার্বি আংলং জিলাত আজি এডভান্টেজ আছামৰ উদ্বোধনী অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ কৰা হয়। ইয়াৰপাছত তালিকাভুক্ত বিনিয়োগৰাকীৰ সৈতে অসম চৰকাৰৰ হৈ জিলা আয়ুক্ত নিৰলা ফাংছপিয়ে ৯৫ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। কৃষি পশুপালন আৰু বিভিন্ন ঔদ্যোগীক খণ্ডত বিনিয়োগৰ বাবে এই চুক্তিসমূহ
স্বাক্ষৰ কৰা হয়।

চৰাইদেউ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ আৰু জিলা উদ্যোগ বাণিজ্য কেন্দ্ৰৰ সাধাৰণ প্ৰৱন্ধকে আজি এডভান্টেজ আছামৰ অংশ হিচাপে জিলা আয়ুক্তৰ কাৰ্যালয়ত ৪৯ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই অনুষ্ঠানত কৃষি, পশুপালন, ৰেচম, শ্রম, অসম ৰাজ্যিক জীৱিকা অভিযান আদি বিভাগৰ অধীনস্থ ঔদ্যোগীক খণ্ডৰ সৈতে জড়িত বিনিয়োগকাৰীসকল উপস্থিত থাকে।

তিনিচুকীয়া জিলাত আজিৰেপৰা দুদিনীয়াকৈ এই সন্মিলনৰ অংশ হিচাপে আয়োজিত কাৰ্যসূচীত ৫০ কোটি টকাতকৈ কম ধন বিনিয়োগ কৰিব বিচৰা ব্যৱসায়ীসকলৰ সৈতে জিলা প্ৰশাসনে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আজি ৪১ গৰাকী বিনিয়োগকাৰীয়ে ২৬৯ কোটি ৭৫ লাখ টকা বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰ কৰে।
        শিৱসাগৰ জিলাতো আজি এই সন্মিলনৰ অংশ হিচাপে বুজাবুজিৰ চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি কৃষি, পর্যটন, হস্ততাত, মীন, উদ্যোগ-বাণিজ্যকে ধৰি কেইবাটাও বিভাগৰ উদ্যোগত জিলা পৰ্যায়ত বিনিয়োগ কৰিবলৈ আগ্ৰহী বিনিয়োগকাৰীসকলৰ সৈতে জিলা প্ৰশাসনে চুক্তিত স্বাক্ষৰ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত আয়ুষ গাৰ্গে ৫১ গৰাকী বিনিয়োগকাৰীক আদৰণি জনায়।

উল্লেখযোগ্য যে এই সন্মিলনৰ অংশ হিচাপে জিলা পৰ্যায়ত ৫ লাখ টকাৰ পৰা ৫০ কোটি টকালৈ বিনিয়োগৰ বাবে জিলা আয়ুক্তসকলে ২হেজাৰ ৫৯০খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ইতিপূর্বে প্রকাশ কৰিছিল। জিলা পৰ্যায়ত হোৱা এই চুক্তিৰ পৰা ১৫ হাজাৰ ৫৯০ কোটি টকা বিনিয়োগ হব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল। বস্ত্ৰ শিল্পৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত বিনিয়োগ সন্দৰ্ভত এই চুক্তিসমূহ স্বাক্ষৰ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।