ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ তাৰিখ ঘোষণা

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষাৰ সম্ভাৱ্য তাৰিখ ঘোষণা কৰিছে৷ উচ্চতৰ মাধ্যমিক স্তৰৰ তৃতীয় বৰ্গৰ পদৰ বাবে অহা ১৫ ছেপ্টেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। আয়োগৰ জাননী অনুসৰি স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষাসমূহ ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু মেট্ৰিক পৰ্যায়ৰ চালক পদৰ বাবে পৰীক্ষা সেইদিনা দুপৰীয়া ১ বাজি ৩০ মিনিটৰ পৰা বিয়লি ৪ বাজি ৩০ মিনিটলৈ অনুষ্ঠিত হ’ব। একেদৰে আই টি আই উত্তীর্ণসকলে ধৰি মেট্ৰিক পৰ্যায়ৰ চতুৰ্থ বৰ্গৰ সম্ভাৱ্য পৰীক্ষা ২৭ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব। আনহাতে, অষ্টম শ্রেণী পৰ্যায়ৰ পদসমূহৰ পৰীক্ষা অহা ২৭ অক্টোবৰত দুপৰীয়া ডেৰ বজাৰ পৰা অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে তৃতীয় বৰ্গৰ পদৰ বাবে প্ৰায় ১৮ লাখ ৫০ হাজাৰ প্ৰাৰ্থীয়ে আবেদন কৰিছে ৷ চতুর্থ বৰ্গৰ পদৰ বাবে মুঠ আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা হৈছে ১৩ লাখ ৭০ হাজাৰ। প্রকাশিত জাননী অনুসৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ কিতাপ, কাগজ, মোবাইল ফোন, বৈদুতিক সামগ্ৰী লৈ যাব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলে এডমিট কার্ড, কলম, পৰিচয় পত্ৰহে নিব পাৰিব। পৰীক্ষাৰ বিধি ব্যৱস্থা উলংঘা কৰিলে আইনগতভাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জাননীত উল্লেখ কৰা হৈছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।