এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল কাইলৈ ঘোষণা কৰা হ‘ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা সদৰি কৰি কয়, যে কাইলৈ দিনৰ চাৰে ১০ বজাত সংশ্লিষ্ট ৱেবছাইটত প্রার্থীসকলে ফলাফলসমূহ লাভ কৰিব। তেওঁ লগতে ১৫ৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ‘ব বুলি প্ৰকাশ কৰে। অক্টোবৰৰ ভিতৰত ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমর্থ হোৱা বুলিও তেওঁ উল্লেখ কৰে।
ৰাজ্য চৰকাৰে অহা ৫ বছৰত দুই লাখতকৈ অধিক যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰি কয়, যে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে। নৱেম্বৰ মাহত আৰক্ষীৰ ভালেমান পদ্য নিযুক্তিৰ ব্যৱস্থা কৰা হ‘ব বুলি তেওঁ উল্লেখ কৰে।