ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোর্ডে ৭,৬৫০ টা তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰে। পুৱা চাৰে দহ বজাৰ লগে লগে কেইবাটাও ৱেৱছাইটত ফলাফল ঘোষণা কৰা হয়। ফলাফল ঘোষণাৰ পূৰ্বে তৃতীয় বৰ্গৰ পদসমূহৰ বাবে গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে। আয়োগৰ অধ্যক্ষ তথা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে সাংবাদিকক সম্বোধন কৰি কয়, যে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰ মাজেৰে লিখিত পৰীক্ষা আৰু দক্ষতা পৰীক্ষাৰ অন্তত আজি ৭,৬৫০ টা তৃতীয় বৰ্গৰ পদৰ ফলাফল ঘোষণা কৰা হৈছে।
অধ্যক্ষ তিৱাৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰক ৫০ টা বিভাগে নিজ নিজ বিভাগৰ অধীনত খালী থকা পদৰ তালিকা আয়োগলৈ প্ৰেৰণ কৰিছিল। বিভাগসমূহৰ পৰা লাভ কৰা তথ্যৰ আধাৰতে আয়োগে খালী থকা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। আজি ফলাফল ঘোষণাৰ পিছত উত্তীৰ্ণ প্ৰাৰ্থীসকলে ৫০ টা বিভাগতে নিযুক্তি লাভ কৰিব। ইয়াৰ ভিতৰত কৃষি বিভাগত সৰ্বাধিক এহেজাৰ ৮৫০ টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ৮৭৩ টা, বিদ্যালয় শিক্ষা বিভাগত ৫৮১ টা পদ খালী আছে।
তৃতীয় বৰ্গৰ পদৰ ফলাফলৰ লগতে অসম আৰক্ষীৰ ৬২৫ টা পদৰ ফলাফলো আজি ঘোষণা কৰা হয়। এই সন্দৰ্ভত অধ্যক্ষ তিৱাৰীয়ে কয় যে ফলাফল ঘোষণা কৰা ৬২৫ টা পদৰ ভিতৰত ২০৩ টা পদ অসম আৰক্ষীৰ উপ পৰিদৰ্শক, এটা অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ সহকাৰী উপ নিয়ন্ত্ৰক পদ আৰু ১৬৪ টা অসম কমাণ্ডো বেটেলিয়নৰ কণিষ্ঠবল পদ। বাকী থকা ৫ হাজাৰ ৬১৪ টা কণিষ্টবল পদৰ ফলাফল কাইলৈ পুৱা চাৰে এঘাৰ বজাত ঘোষণা কৰা হ’ব বুলিও ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। একেখন সংবাদমেলতে অধ্যক্ষ তিৱাৰীয়ে ১৫ অক্টোবৰত চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ’ব বুলি প্ৰকাশ কৰে।