ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 6, 2025 5:58 PM | ADRE

printer

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অনুষ্ঠিত লিখিত পৰীক্ষাৰ ফলাফল কাইলৈ ঘোষণা কৰা হব। ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ সচিবে জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইট www.site.sebaonline.org আৰু অসম চৰকাৰৰ ৱেবছাইট www.assam.gov.in যোগে নিজৰ ফলাফলসমূহ চাব পাৰিব। ১২ মাৰ্চত অসম আৰক্ষীৰ কনিষ্টবল পদৰ আৰু ২৭ মাৰ্চত অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নৰ কনিষ্টবলৰ বাবে হোৱা নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব।
        আজি অসম আৰক্ষীৰ ২০২টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্ৰক পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে ।