ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 8, 2024 11:41 AM | ADRE

printer

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰাৰ্থীসকলৰ বাবে এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ চতুৰ্থ আৰু পঞ্চম কাকতৰ পৰীক্ষাৰ বাবে অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে এলানি গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। এই অনুসৰি প্ৰাৰ্থীসকলে আজিৰ পৰা ২২ অক্টোবৰ পৰ্যন্ত তেওঁলোকৰ অ’ এম আৰ শ্বীট ডাউনলোড কৰিব পাৰিব। উল্লেখযোগ্য যে চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফিচিয়েল এনচাৰ কী কাইলৈ পুৱা ৬ বজাৰ পৰা পোৱা যাব। প্ৰাৰ্থীসকলে তেওঁলোকৰ উত্তৰ বহী পুনৰীক্ষণ কৰিবলৈ বিচাৰিলে কাইলৈৰ পৰা ১৮ অক্টোবৰৰ ভিতৰত আবেদন জনাব পাৰিব।