এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল আজি ঘোষণা কৰা হয়। সংশ্লিষ্ট ৱেবছাইটত আজি ফলাফলসমূহ প্ৰকাশ কৰা হয়। ইপিনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ’ব বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে চলিত মাহৰ ভিতৰতে ৩৫ হাজাৰ যুৱক-যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সমৰ্থ হোৱা বুলি উল্লেখ কৰে। ৰাজ্য চৰকাৰে অহা ৫ বছৰত দুই লাখতকৈ অধিক যুৱক-যুৱতীক নিযুক্তি দিয়াৰ বাবে পৰিকল্পনা লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। নৱেম্বৰত আৰক্ষীৰ ভালেমান পদত নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।
Site Admin | October 15, 2025 7:04 PM | ADRE
এ ডি আৰ ইৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল ঘোষণা