১০ ফেব্ৰুৱাৰীৰ আগতে সকলো নিযুক্তি সম্পন্ন হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুবা ক্রীড়া প্রকল্পত আজি অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা- এ.ডি. আৰ.ইত উত্তীর্ণ তৃতীয় বৰ্গৰ ৬ হাজাৰ ৩৪৭ গৰাকী প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ড° শৰ্মাই এই বিষয়ে সদৰী কৰে। তেওঁ কয়, যে দেশৰ কেইবাখনো ৰাজ্যই এই ধৰণৰ নিযুক্তি প্রক্রিয়া অনুসৰণ কৰিছে। ৰাজ্যত নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যাই ১ লাখ ৫৬ হাজাৰ অতিক্ৰম কৰা বুলি তেওঁ মন্তব্য কৰে।
ড° শর্মাই কয়, যে নিযুক্তি প্রক্রিয়াক লৈ বর্তমানলৈকে কোনো ধৰণৰ অভিযোগ উঠা নাই। পৰহিলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এ ডি আৰ ইত উত্তীর্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।