শ্ৰীলংকাৰ কলম্বো পশ্চিম আন্তর্জাতিক টার্মিনেল প্রকল্প আদানী প’র্টছে নিজা পুঁজিৰে সম্পূৰ্ণ কৰিব

গৌতম আদানী নেতৃত্বাধীন কোম্পানী আদানী প’র্টছে শ্ৰীলংকাৰ কলম্বো পশ্চিম আন্তর্জাতিক টার্মিনেল প্রকল্প নিজা পুঁজিৰে সম্পূৰ্ণ কৰিব বুলি প্ৰকাশ কৰিছে। এই প্ৰকল্পৰ বাবে আদানী প’র্টছে মার্কিন আন্তর্জাতিক বিত্ত নিগমৰ পৰা ৫৫৩ মিলিয়ন ডলাৰৰ সাহায্য লাভ কৰাৰ কথা আছিল যদিও যোৱা মাহত আমেৰিকাৰ আইন বিভাগ আৰু ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে আদানী গোটে ঠিকা লাভৰ বাবে উৎকোচ দিছিল বুলি কৰা অভিযোগৰ পাছত এই প্ৰকল্পটোৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছিল। প্ৰকল্পটোৰ অন্যতম অংশীদাৰ শ্ৰীলংকা প’ৰ্টছ অথৰিটীয়ে এই বন্দৰ প্ৰকল্পৰ ক্ষেত্ৰত মাৰ্কিন পুঁজি যোগান চুক্তি পুনৰীক্ষণৰ এতিয়াই কোনো সম্ভাৱনা নাই বুলি কেইদিনমান পূৰ্বে ঘোষণা কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।