ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 15, 2025 12:21 PM | adani assam

printer

অসমত ৩,২০০ মেগাৱাটৰ ক্রিটিকেল পাৱাৰ প্লেণ্ট স্থাপনৰ বাবে ৪৮ হাজাৰ কোটি টকা বিনিয়োগ কৰিব আদানী পাৱাৰ লিমিটেডে

আদানী পাৱাৰ লিমিটেডে অসমত ৩,২০০ মেগাৱাটৰ ক্রিটিকেল পাৱাৰ প্লেণ্ট স্থাপনৰ বাবে ৪৮ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। সেইদৰে আদানী গ্রীণ এনার্জিয়ে অসমত মুঠ দুহেজাৰ ৭০০ মেগাৱাটৰ দুটা পাম্পড ষ্টোৰেজ প্লাণ্ট স্থাপনৰ বাবে ১৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। আদানী গ্ৰুপৰ কৰ্পোৰেট কমিউনিকেচনৰ বিষয়া মিটুল থাক্কাৰে কালি এই কথা প্ৰকাশ কৰিছে। বিষয়াগৰাকীয়ে লগতে কয়, যে এই দুয়োটা বৃহৎ প্রকল্পই আদানী গ্ৰুপৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ লক্ষ্য আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত অঞ্চলটোৰ উন্নয়ন আৰু বিকাশৰ বাবে ৫০ হাজাৰ কোটি বিনিয়োগৰ লক্ষ্য পূৰন কৰিব। আদানী গ্ৰুপৰ সঞ্চালক গৌতম আদানীয়ে কয়, যে ভাৰতৰ বিকাশৰ যাত্ৰাত উত্তৰ-পূৰ্বাঞ্চল গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচিত হৈছে। তেওঁ কয়, যে তিনি হাজাৰ ২০০ মেগাৱাটৰ তাপ বিদ্যুৎ প্রকল্প আৰু দুহেজাৰ ৭০০ মেগাৱাটৰ পি এছ পি প্রকল্প দুটা অসমৰ ইতিহাসত ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বিনিয়োগ হোৱাৰ লগতে শক্তি, সুৰক্ষা, ঔদ্যোগীক বিকাশ আৰু সংস্থাপনৰ ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপ হিচাপে বিবেচিত হ’ব।  আদানী গ্রুপে প্রকাশ কৰা মতে তিনি হাজাৰ ২০০ মেগাৱাটৰ তাপবিদ্যুৎ প্রকল্পটোত নির্মাণকার্য চলি থকা অৱস্থাত ২০ৰ পৰা ২৫ হাজাৰ লোকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপন লাভ কৰিব। আনহাতে প্ৰকল্পটো আৰম্ভ হোৱাৰ পাছত তিনি হাজাৰ ৫০০ লোকে ২০৩০ চনৰ ভিতৰত পৰ্যায়ৰ ক্ৰমে কর্মসংস্থাপন লাভ কৰিব।