বিশিষ্ট অভিনেত্রী তথা বিখ্যাত নৃত্য শিল্পী সন্ধ্যা শান্তাৰামৰ আজি মুম্বাইৰ শিৱাজী পাৰ্ক মুক্তিধামত অন্ত্যেষ্টিক্রিয়া সম্পন্ন হয়। যোৱা কালি ৮৭ বছৰ বয়সত বিশিষ্ট শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। চলচ্চিত্ৰ নির্মাতা ভি শান্তাৰামৰ ক্লাছিক নৱ ৰং নামৰ চিনেমাখনৰ জৰিয়তে খ্যাতি অৰ্জন কৰিছিল। চিনেমাখনৰ আৰে জা ৰে হট নটখট গীতটো বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছিল। আন কেইবাখনো চিনেমা যেনে- ঝনক ঝনক পায়েল বাজে, পিঞ্জৰা আদি কেইবাখনো ছবিত অভিনয় কৰি প্ৰশংসা লাভ কৰিছিল। মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ শ্বেলাৰে ভাৰতীয় চিনেমা আৰু নৃত্যৰ প্ৰতি সন্ধা শান্তাৰামৰ অৱদানৰ কথা স্মৰণ কৰি শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
Site Admin | October 4, 2025 9:13 PM | sandhya death
বিশিষ্ট অভিনেত্রী তথা বিখ্যাত নৃত্য শিল্পী সন্ধ্যা শান্তাৰামৰ মুম্বাইৰ শিৱাজী পাৰ্ক মুক্তিধামত অন্ত্যেষ্টিক্রিয়া সম্পন্ন