ৰাজ্যৰ ভিন্ন প্ৰান্তত নটৰাজ থিয়েটাৰৰ প্রযোজক অচ্যুত লহকৰক অষ্টম মৃত্যুবার্ষিকীত স্মৰণ

নটৰাজ থিয়েটাৰৰ প্রযোজক অচ্যুত লহকৰক কালি অষ্টম মৃত্যুবার্ষিকীত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মৰণ কৰা হয়। পাঠশালা প্ৰেছ ক্লাব আৰু বজালী বাৰ্তাজীৱী সংঘৰ উদ্যোগত বজালী প্রগতি সংঘৰ বাকৰিত থকা অচ্যুত লহকৰৰ সমাধিক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে, ৰঙিয়াত মঞ্চ নামৰ সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ লগতে অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান সমিতিয়ে দক্ষিণ ৰঙিয়া প্ৰেছ ক্লাবত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত ২০২৪ বৰ্ষৰ অচ্যুত লহকৰ স্মাৰক বঁটাৰ বাবে নাট্যকাৰ, অভিনেতা তথা পৰিচালক হেমন্ত দত্তৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। অহা ৭ জুলাইত ৰঙিয়া প্রগতি সংঘত এই বঁটা প্ৰদান কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।