ডাউনলোড
মোবাইল এপ

android apple
signal

মুম্বাইত ২০০৮ চনৰ সন্ত্ৰাসবাদী আক্ৰমণত অভিযুক্ত তহব্বুৰ ৰাণাৰ প্ৰত্যর্পণ মোডী চৰকাৰৰ কূটনীতিৰ বৃহৎ সফলতাঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত অভিযুক্ত তহব্বুৰ ৰাণাৰ প্ৰত্যর্পণ মোডী চৰকাৰৰ কূটনীতিৰ বৃহৎ সফলতা বুলি অভিহিত কৰিছে। কালি এটা ব্যক্তিগত টিভি চেনেলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে, ভাৰতৰ জনসাধাৰণৰ সৈতে দুৰ্ব্যৱহাৰ কৰা সকলোকে ঘূৰাই অনাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব। তেওঁ কয়, যে তহব্বুৰ ৰাণাই দেশৰ আদালতত বিচাৰৰ সন্মুখীন হোৱাটো দেশৰ বাবে বৃহৎ সাফল্য হ’ব। ৰাণাক আজি বিশেষ বিমানেৰে ভাৰতলৈ অনা হ’ব বুলি বাতৰি ওলোৱাৰ সময়তে শ্ৰীশ্বাহে কৰা এই মন্তব্য বিশেষ তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে। উল্লেখযোগ্য যে, ৰাণাই ভাৰতলৈ প্ৰত্যৰ্পণৰ বিৰুদ্ধে দাখিল কৰা আৱেদন আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে উৰা বাতৰি প্ৰচাৰ কৰা বুলি অভিযোগ তোলে। ৰাহুল গান্ধী আৰু তেওঁৰ সহযোগীসকলে নাগৰিকত্ব সংশোধনী আইনৰ ৰূপায়ণৰ ফলত মুছলমানসকলে নাগৰিকত্ব হেৰুৱাবলগীয়া হ’ব বুলি উৰা বাতৰি প্ৰচাৰ কৰা বুলি তেওঁ অভিযোগ তোলে। গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণৰ ফলত কোনো মুছলমান লোকে নাগৰিকত্ব হেৰুৱাবলগীয়া হোৱা নাই। গৃহমন্ত্ৰীগৰাকীয়ে লগতে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক লৈ প্ৰশ্নৰ অৱতাৰণা কৰি কয়, যে যদিহে কংগ্ৰেছৰ বাবে ৱকফ মূল বিষয় আছিল তেন্তে প্ৰিয়ংকা গান্ধীয়ে ৱকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ভোটদান কৰিবলৈ কিয় অহা নাছিল। মোডী চৰকাৰে দেশক জাতিবাদ, স্বজন-তোষণ আৰু তোষামোদৰ পৰা মুক্ত কৰি উন্নয়নৰ ৰাজনীতিৰ দিশে আগুৱাই লৈ গৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক