দৰং জিলাৰ ছিপাঝাৰত পথ দুৰ্ঘটনাত দুজন মটৰ চাইকেল আৰোহীৰ মৃত্যু

দৰং জিলাৰ ছিপাঝাৰত কালি নিশা এটা পথ দুৰ্ঘটনাত দুজন মটৰ চাইকেল আৰোহীৰ মৃত্যু হয়। ছিপাঝাৰ সম জিলা কাৰ্যালয়ৰ সন্মুখত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত আন এজন আৰোহী আঘাতপ্রাপ্ত হয়। মঙলদৈৰ দিশৰ পৰা অহা মটৰ চাইকেলখনত বিপৰীত দিশৰ পৰা অহা এখন ট্রাকে খুন্দিওৱাৰ ফলত দুজন আৰোহীৰ থিতাতে মৃত্যু হয়। নিহত যুৱক দুজনৰ ঘৰ ছিপাঝাৰ খলিহৈ মিলন বজাৰত বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।