ৰাজ্য চৰকাৰৰ জনকল্যাণকামী আঁচনি আৰু অভিলাসী প্রকল্পসমূহৰ ৰূপায়ণৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে কৃষি মন্ত্ৰী অতুল বৰাই আজি হাইলাকান্দিৰ জিলা আয়ুক্ত কাৰ্যালয়ত চৰকাৰী বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকখনত তেওঁ শিক্ষা, স্বাস্থ্য, কৃষি, লোক নির্মাণকে ধৰি জিলাখনৰ ৩৪টা চৰকাৰী বিভাগৰ অধীনস্থ আঁচনিসমূহৰ ৰূপায়ণৰ স্থিতিৰ পৰ্যালোচনা কৰে। লগতে বিভিন্ন সজাগতামূলক কার্যসূচীৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সুবিধাৰ বিষয়ে ৰাইজক অৱগত কৰি নিৰ্ধাৰিত সময়-সীমাৰ ভিতৰ আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ তেওঁ বিষয়াসকলক নির্দেশ দিয়ে।
ৰাজ্য চৰকাৰৰ জনকল্যাণকামী আঁচনি আৰু প্রকল্পৰ ৰূপায়ণৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে জ্যেষ্ঠ বিষয়াৰ সৈতে মন্ত্ৰী অতুল বৰাৰ বৈঠক
