অসম আৰক্ষীয়ে যোৱা বছৰৰ ডিচেম্বৰৰ পৰা অন্য সুৰক্ষা সংস্থাৰ সহযোগত ভাৰত উপ-মহাদেশত অলকায়দাৰ সহযোগী আনছাৰুল বাংলা টীম নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ ১৪ জন সদস্যক গ্ৰেপ্তাৰ কৰিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। শেহতীয়া কেইটামান মাহত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কেইবাগৰাকীও অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা আৰু ১২ হাজাৰ ৩০০ কিলোগ্ৰাম পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰা বুলিও মন্ত্ৰ্যালয়ে জানিবলৈ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ বিষয়াই ভাৰত-বাংলাদেশ সম্বন্ধ ভৱিষ্যত সম্পৰ্কীয় বৈদেশিক পৰিক্ৰমা বিষয়ক সংসদীয় কমিটিক এই কথা অৱগত কৰে। বিষয়াসকলে প্ৰকাশ কৰা মতে শেহতীয়াকৈ বাংলাদেশৰ অভ্যন্তৰীণ সুৰক্ষা পৰিস্থিতি বেয়াৰপিনে ঢাল খোৱাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ সৈতে থকা সীমান্ত অঞ্চলসমূহত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা জৰুৰী হৈ পৰিছে। তেওঁলোকে লগতে ভাৰত-বাংলাদেশ সীমান্তৰ মুঠ চাৰি হাজাৰ ৯৬ কিলোমিটাৰৰ ভিতৰত তিনি হাজাৰ ২৩২ কিলোমিটাৰৰ কাইটীয়া তাঁৰৰ বেৰ স্থাপন কৰা হৈছে বুলি জানিবলৈ দিয়ে
Site Admin | December 19, 2025 12:26 PM | ABT ARREST
বিগত বছৰৰ ডিচেম্বৰৰ পৰা ভাৰত উপ-মহাদেশত আনছাৰুল বাংলা টীম সন্ত্ৰাসবাদী সংগঠনটোৰ ১৪জন সদস্যক গ্ৰেপ্তাৰ