ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 3, 2024 12:24 PM | Abhiruchi sports day

printer

ৰাজ্যজুৰি আজি ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱস উদযাপন

ৰাজ্যজুৰি আজি ৪১ সংখ্যক অভিৰুচি ক্রীড়া দিৱস উদযাপন কৰা হৈছে। অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে প্রতি বছৰে ৩ ছেপ্তেম্বৰ দিনটোত অভিৰুচি ক্রীড়া দিৱস উদযাপন কৰা হয়। গুৱাহাটীৰ জজ খেলপথাৰত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন কৰা হয়। জজ খেলপথাৰৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা সমূহীয়া দৌৰৰ নেতৃত্ব দিয়ে অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু প্ৰৱীণ খেলুৱৈ তৈয়বুন্নেছাই। খেলুৱৈ দুগৰাকীৰ লগতে ক্রীড়া মন্ত্রী নন্দিতা গার্লোছাই সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে। সমূহীয়া দৌৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অসম আৰক্ষী আৰু বহু সংখ্যক সাধাৰণ লোকে অংশগ্রহণ কৰে।শিৱসাগৰত আয়োজিত অনুষ্ঠানত উপস্থিত থাকি ভোগেশ্বৰ বৰুৱাই কেক কাটি নিজৰ জন্মদিন উযাপন কৰে। নিজৰ বক্তব্যত তেওঁ অসমত খেলুৱৈ সৃষ্টিত গুৰুত্ব আৰোপ কৰে আৰু এই ক্ষেত্ৰত চৰকাৰক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ওদালগুৰি জিলাতো সমূহীয়া দৌৰ কাৰ্যসূচীৰে অভিৰুচি দিৱস উদযাপন কৰা হয়। টংলা ক্রীড়া সন্থাৰ উদ্যোগত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা উলিওৱা সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে জিলাখনৰ উপ-আৰক্ষী অধীক্ষক দুৰ্গাকিংকৰ শৰ্মাই। গোৱালপাৰা জিলাতো এই দিৱস পালনৰ বাতৰি আমালৈ আহিছে। অভিৰুচি ক্ৰীড়া দিৱসত এইবাৰ সাতগৰাকী খেলুৱৈলৈ ক্ৰীড়া বঁটা আগবঢ়োৱা হৈছে। বেডমিণ্টন খেলুৱৈ বৰ্ণালী আকাশ চাংমাই, পেৰা ছুইমাৰ কৃষ্ণ দাস, চাইক্লিং খেলুৱৈ অভিশেষ বি গগৈ, শৰীৰৰ প্ৰশিক্ষক ৰাজীৱ দে আৰু কল্যাণ বৰ্মন, ভাৰোত্তোলনৰ প্ৰশিক্ষক অনুপ কোঁৱৰ, এথলেটিক প্ৰশিক্ষক উত্তৰ সন্দিকৈলৈ অভিৰুচি ক্ৰীড়া বঁটা আগবঢ়োৱা হৈছে।