ডাউনলোড
মোবাইল এপ

android apple
signal

September 3, 2025 7:04 PM | Abhiruchi sports day

printer

ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি ৰাজ্যিক ক্রীড়া দিৱস উদযাপন

অর্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্রীড়া দিৱস উদযাপন কৰা হৈছে। ১৯৬৬ চনৰ এছিয়ান গেমছত স্বর্ণ পদক অর্জনেৰে ইতিহাস ৰচা প্রসিদ্ধ ক্রীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত সৰুসজাই ক্রীড়া প্রকল্পক অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প হিচাপে নামকৰণ কৰা হৈছে। এই অনুষ্ঠানতে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ পদক বিজয়ী অসমৰ খেলুৱৈসকলক নিযুক্তি পত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয়। তদুপৰি ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক ক্রীড়া বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ২০২৫-২৬ বৰ্ষৰ ৰাজ্যিক ক্রীড়া বাঁটা ঘোষণা আৰু ক্রীড়া পেঞ্চন প্ৰদান কৰা হয়। খেল’ ইণ্ডিয়া, ২০২৫ বৰ্ষৰ পদক বিজয়ীসকলক আর্থিক পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ কেডেটসকলক বীৰ চিলাৰায় বঁটাও প্ৰদান কৰা হয়। ৰাজ্যিক সেৱা আঁচনিৰ বঁটাসমূহো এই অনুষ্ঠানতে বিতৰণ কৰা হয়। ১৭ বছৰ অনুর্ধ ছোৱালীৰ সুৱত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাৰ বিজয়ী দলক সম্বর্ধনা জ্ঞাপন কৰাৰ লগতে খেল মহাৰণ বিষয়ক গ্রন্থ উন্মোচন কৰা হয়।

ইপিনে, ক্রীড়াবিদগৰাকীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীত কেন্দ্রীয়ভাৱে অভিৰুচি ক্রীড়া দিৱস উদযাপন কৰা হয়। এই অনুসৰি দিৱসৰ মূল কাৰ্যসূচী সামুহিক দৌৰ এইবাৰ সৰুসজাই ক্রীড়া প্রকল্পত আৰম্ভ হৈ ভেটাপাৰা হকী ষ্টেডিয়াম পৰিভ্ৰমণ কৰি পুনৰ সৰুসজাইৰ মূল এথলেটিক ষ্টেডিয়ামত সামৰণি পৰে।

গোৱালপাৰাতো আজি অভিৰুচি ক্রীড়া দিৱস উদযাপন কৰা হয়। গোৱালপাৰা ক্রীড়া সন্থাৰ উদ্যোগত আজি পুৱাৰ ভাগত সামুহিক দৌৰ কাৰ্যসূচী আৰু দিনৰ ভাগত খেল ধেমালি অনুষ্ঠিত হয়। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত বেদেতিত আজি অভিৰুচি ক্রীড়া দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বিভিন্ন ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত হয়। কামৰূপ জিলাৰ ৰঙিয়াত আজি অভিৰুচি ক্রীড়া দিৱস উপলক্ষে সামুহিক দৌৰ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বিধায়ক ভৱেশ কলিতাৰ লগতে জিলা প্রশাসনৰ বিষয়ববীয়াসকলে অংশগ্রহণ কৰে।

মঙলদৈত আজি নর্থ মঙলদৈ ক্লাবৰ উদ্যোগত অভিৰুচি ক্রীড়া দিবস অনুষ্ঠিত কৰা হয়। এই উপলক্ষে বক্সিং খেলুৱৈ যমুনা বড়ো, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ ক্রীড়াবিদ বিশাল ভৰদ্বাজ আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰাক্তন ফুটবল, কাবাডী আৰু খো খো খেলুৱৈ তথা ক্রীড়া সংগঠক গণেশ দত্তক ৰাজহুৱাভাৱে সম্বর্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে সমূহীয়া দৌৰ ফ্লেগ অফ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।