ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি ন্যায় সমদল

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি ন্যায় সমদল উলিয়ায়। সদৌ কামৰূপ মহানগৰ জিলা ছাত্রসন্থা আৰু কামৰূপ জিলা ছাত্ৰসন্থাৰ উদ্যোগত গুৱাহাটীৰ উজান বজাৰৰ ছহিদ ন্যাস ভৱনৰ পৰাও পুৱা ন্যায় সমদল উলিওৱা হয়। ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই সমদলৰ জৰিয়তে জুবিন গাৰ্গৰ মৃত্যুৰ পানী নসৰকা তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনোৱা হয়। ন্যায় সমদলত অংশ লৈ ছাত্ৰসন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, যে জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনো অস্পষ্টতা থাকি যাব নোৱাৰিব। কাৰ গাফিলতিত কি ধৰণেৰে শিল্পী গৰাকীৰ মৃত্যু হ’ল সেয়া অসমৰ ৰাইজে জানিব লাগিব বুলি তেওঁ উল্লেখ কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয়, যে ৰাজ্যৰ প্ৰতিখন জিলা সদৰত ছাত্ৰ সন্থাই ন্যায় বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। এছ আই টিয়ে দোষী সাৰি যাব নোৱৰাকৈ সাক্ষ্য প্রমাণ সহ এখন শক্তিশালী অভিযোগনামা দাখিল কৰিব লাগিব তেওঁ মন্তব্য কৰে।

নগাঁও জিলাতো সদৌ অসম ছাত্ৰসন্থাৰ আহ্বান মৰ্মে আজি ন্যায় সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড় জিলাতো আজি চৌকিদিঙি খেলপথাৰৰ ছহিদ ভৱনৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় প্ৰদানৰ দাবীত ন্যায় সমদল উলিওৱা হয়। এই ন্যায় সমদলক সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে নেতৃত্ব দিয়ে। একেদৰে হোজাই জিলা ছাত্ৰ সন্থাৰ তিনি শতাধিক কর্মীয়ে আজি জিলাখনত ন্যায় সমদল কৰে। ধেমাজি জিলাতো ছহিদ বেদীৰ বাকৰিৰ পৰা ধেমাজি নগৰৰ মাজেৰে সমদল উলিয়াই সহস্রাধিক আছু কৰ্মীয়ে শিল্পীগৰাকীক ন্যায়ৰ দাবী তোলে ৷

তামুলপুৰত আজি সদৌ অসম ছাত্ৰসন্থাৰ উদ্যোগত ভালেসংখ্যক ছাত্র-ছাত্ৰীয়ে শিল্পীগৰাকীক ন্যায় প্ৰদানৰ দাবীত সমদলত অংশ লয়। বজালী জিলাতো আজি সদৌ অসম ছাত্ৰ সন্থাই ন্যায় সমদল উলিয়ায়। এই সমদলত অংশগ্ৰহণকাৰীসকলে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত আৰু দোষীক উচিত শাস্তি প্ৰদানৰ দাবী তোলে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও আজি ৰাজ্যৰ বিভিন্ন জিলাত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্তসকলৰ শাস্তি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত গোগামুখত প্ৰতিবাদ সাব্যস্ত কৰা হয়। ওদালগুৰিতো সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। ইপিনে বিজেপিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি ন্যায় সমদল উলিয়ায়। মঙলদৈত আজি এই ন্যায় সমদলত মন্ত্ৰী পীযুষ হাজৰিকাই অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।