ডাউনলোড
মোবাইল এপ

android apple
signal

চৰকাৰৰ জলসিঞ্চন ব্যৱস্থাৰ ব্যৰ্থতাৰ প্ৰতিবাদত আছুৰ আহ্বানত বিভিন্ন জিলাত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে হোজাই জিলাতো অনাবৃষ্টিৰ ফলত কৃষকে কৃষিকাৰ্যত অসুবিধাৰ সন্মুখীন হৈছে। জিলাখনত চৰকাৰৰ পৰিকল্পিত বিজ্ঞানসন্মত জলসিঞ্চন আঁচনিৰ অভাৱত কৃষকসকলে ধানখেতিৰ বতৰত কৃষিকাৰ্যৰ পৰা বিৰত থাকিবলগীয়া হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত হোজাই জিলা ছাত্ৰ সন্থাই জিলা আয়ুক্তৰ জৰিয়তে জলসিঞ্চনৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। ছাত্ৰ সন্থাই ক্ষতিগ্রস্ত কৃষকসকলক এককালীনভাৱে আর্থিক সাহায্য প্ৰদান কৰিবলৈও আহ্বান জনাইছে।

খৰাং সদৃশ পৰিস্থিতিৰ বাবে বাক্সা জিলাতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত বাক্সা জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। চৰকাৰৰ জলসিঞ্চন ব্যৱস্থাৰ ব্যৰ্থতাৰ প্ৰতিবাদত ৰূপায়ণ কৰা এই কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৱে জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ পদত্যাগৰ দাবী কৰে। কৃষিকাৰ্যত সহায়ক হোৱাকৈ তাৎক্ষণিকভাৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক ছাত্ৰ সন্থাই আহ্বান জনাইছে।

সাম্প্ৰতিক খৰাং সদৃশ পৰিস্থিতিৰ বাবে কৃষকে কৃষিকাৰ্যত পোৱা অসুবিধাৰ বাবে খেতি-পথাৰত সৌৰচালিত জলসিঞ্চন ব্যৱস্থা গ্ৰহণৰ দাবীৰে কামৰূপ জিলা ছাত্ৰ সন্থাই আজি কামৰূপ জিলাতো প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

ৰাজ্য চৰকাৰে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° শৰ্মাই কয়, যে ৰাজ্যত খৰাংসদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক ৰাজ্যিক দুৰ্যোগ বুলি বিবেচনা কৰি মন্ত্ৰীসভাই অসম দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নীতি অনুসৰি নিৰ্ধাৰিত জিলাসমূহৰ কৃষকসকলক ক্ষতিপূৰ্ণৰ সুবিধা প্ৰদানত অনুমোদন জনায়। খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা জিলাকেইখন হৈছে– ডিব্ৰুগড়, তিনিচুকীয়া, বঙাইগাঁও, ধুবুৰী, বৰপেটা, বাক্সা, হোজাই, কামৰূপ আৰু চিৰাং। এই জিলাকেইখনত ৪০ শতাংশ কম বৰষুণ হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়।