জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি সদৌ অসম ছাত্র সন্থাই গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই জনতাৰ শিল্পীগৰাকীৰ মৃত্যু ঘটনাৰ তদন্ত পানী নসৰকা হ‘ব লাগিব বুলি দাবী তোলে। সংগঠনটোৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এছ আই টিয়ে আজি আলোচনাৰ বাবে জনোৱা আমন্ত্রণ গ্ৰহণ নকৰা সন্দৰ্ভত কয়, যে তদন্তকাৰী সংস্থাই গোচৰ সংক্ৰান্তত আলোচনাৰ বাবে মাতিলে অভিযুক্ত পক্ষৰ অধিবক্তাই আদালতত আইনী সুযোগ উলিয়াব পাৰে। এই অনুসৰি আইনজ্ঞৰ পৰামৰ্শমর্মে আলোচনাত অংশগ্ৰহণ নকৰা বুলি তেওঁ প্রকাশ কৰে। ড° ভট্টাচাৰ্যই শিল্পীগৰাকীৰ ন্যায় বিচাৰৰ বাবে সংগঠনটোৰ চাৰিটা দাবীৰ কথা উল্লেখ কৰে।
Site Admin | October 14, 2025 7:08 PM | Jubin garg
জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত আজি সদৌ অসম ছাত্র সন্থাৰ ধর্মঘট কার্যসূচী ৰূপায়ণ