May 24, 2025 6:24 PM | AASU

printer

কুকুৰমাৰাত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কুকুৰমাৰাত আজি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত বাল্য বিবাহ, শিশু শ্ৰমিক আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয়। কুকুৰমাৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আয়োজিত সজাগতামূলক কার্যসূচী অনুসৰি পদযাত্ৰা কৰা হয়। এই পদযাত্ৰা কাৰ্যসূচীত জিলা আছু বিষয়ববীয়াৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।