ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

February 8, 2025 1:17 PM | AASU

printer

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষক সাক্ষাৎ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ

সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আলোচনা কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে কালি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষক সাক্ষাৎ কৰে। এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ মুঠ ৪ লাখ ২৯ হাজাৰ ৪৪৮ গৰাকী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিওটা শাখাত সৰ্বমুঠ ৩ লাখ ছহেজাৰ ৮৪১ গৰাকী শিক্ষার্থী অৱতীৰ্ণ হ’ব। এই দুয়োটা পৰীক্ষা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ কৰ্তৃপক্ষক সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনায়। একেদৰে পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ ক্ষেত্ৰতো পৰিষদৰ গ্ৰহণযোগ্যতা আৰু বিশ্বাসযোগ্যতা অটুত ৰাখিবলৈ ছাত্ৰ সংগঠনটোৱে বিদ্যালয় শিক্ষা পৰিষদ কর্তৃপক্ষক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।