ডাউনলোড
মোবাইল এপ

android apple
signal

January 29, 2025 12:57 PM | AASU

printer

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ কালি সামৰণি

শিৱসাগৰ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ কালি সামৰণি পৰে। অন্তিম দিনৰ কাৰ্যসূচীত তলাতল ঘৰৰ বাকৰিৰ পৰা এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। লোক সংস্কৃতিৰ সাধক তথা শিক্ষাবিদ ড° অনিল শ‍ইকীয়াই উদ্বোধন কৰা অসমৰ বাৰেৰহনীয়া সংস্কৃতিক প্ৰতিফলিত কৰা এই শোভাযাত্ৰাত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাকে ধৰি বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত অসমৰ উপৰি মণিপুৰ, নাগালেণ্ড আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহৰ সংস্কৃতিকো উপস্থাপন কৰা হয়। আহোম যুগৰ ঐতিহাসিক মুহূৰ্তসমূহৰ লগতে জয়মতী আৰু চ্যুকাফাৰ প্ৰতীকি উপস্থাপনে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰা এই শোভাযাত্ৰাৰ বৰ্ডিং খেলপথাৰত সামৰণি পৰে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত ছাত্ৰ সন্থাৰ সদস্যসকলে পথৰুঘাটৰ কৃষক বিদ্ৰোহত প্ৰাণ আহুতি কৃষক ছহিদসকলক সুঁৱৰি ছহিদ বেদীত বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত সন্থাৰ সাধাৰণ সভা উপলক্ষে প্রকাশিত তিনিখন স্মৃতি গ্রন্থ উন্মোচন কৰা হয়। ড° জ্যোতিপ্ৰসাদ শ‍ইকীয়া, ° সৌমাৰজ্যোতি মহন্ত আৰু ড° সব্যসাচী মহন্তই অংশগ্ৰহণ কৰা মুকলি সভাখনত আছুৰ মুখ্য উপদেষ্টা আৰু সভাপতিৰ উপৰি নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকন উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক