ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 27, 2025 7:10 PM | Sivasagar

printer

শিৱসাগৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত

শিৱসাগৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হৈছে। তলাতল ঘৰ প্ৰাংগণত স্বৰ্গদেউ চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰ উদ্বোধন আৰু তোৰণ মুকলি কৰি এই সভাৰ শুভাৰম্ভ কৰা হয়। আজিৰ প্ৰথম দিনা উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই সমন্বয় ক্ষেত্ৰ আৰু তোৰণ আনুষ্ঠানিকভাবে মুকলি কৰে। ইয়াৰ পাছত ছাত্ৰ সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলন কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীশৰ্মাই অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী কৰাৰ লগতে দশম শ্ৰেণী পর্যন্ত অসমীয়া বিষয়ক বাধ্যতামূলক কৰাৰ প্ৰয়োজন সন্দৰ্ভত আলোকপাত কৰে। কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিনিধিৰ নাম পঞ্জীয়ন, কুইজ প্রতিযোগিতা, প্রতিনিধি সভা গৃহ উদ্বোধন, বক্তৃতা প্ৰতিযোগিতা আৰু সন্ধিয়াৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাইলৈ দ্বিতীয় দিনা সাধাৰণ সভাৰ ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিক প্ৰতিফলিত কৰি বিশাল শোভাযাত্ৰা উলিওৱা হ’ব ।