ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 11, 2024 8:15 PM | AASU

printer

আছুৰ প্ৰথমগৰাকী মুখ্য সাংগঠনিক সম্পাদক ইনামুল হকৰ বিয়োগত সৰ্বানন্দ সোণোৱাল গভীৰ শোক প্রকাশ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথমগৰাকী মুখ্য সাংগঠনিক সম্পাদক আছুৰ প্ৰাক্তন সীমান্ত সমন্বয়ক তথা দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি ইনামুল হকৰ বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰিছে। হকৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে। উল্লেখযোগ্য যে আজি পুৱা চিকিৎসাধীন অৱস্থাত ইনামুল হকৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ। প্ৰাক্তন ছাত্র নেতাগৰাকীৰ মৃত্যুত ধুবুৰী জিলাত শোকৰ ছাঁ পৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।