ডাউনলোড
মোবাইল এপ

android apple
signal

২০১৪ চনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন নকৰা লোকসকলে নাপাব আধাৰ কাৰ্ডঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কেতবোৰ নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি আবেদনকাৰীসকলে পূৰ্বৰ তুলনাত অধিক কঠোৰ নিয়মাৱলী অনুসৰণ কৰিব লাগিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গোৱালপাৰাত এই কথা প্ৰকাশ কৰে। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়ৰ উদ্বোধন উপলক্ষে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয়, যে ২০১৪ চনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন নকৰা লোকসকলে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰিব। ৰাজ্য চৰকাৰে আজি এই সন্দৰ্ভত জাননী জাৰি কৰিব বুলিও তেওঁ লগতে প্ৰকাশ কৰে । আধাৰ কাৰ্ডৰ ক্ষেত্ৰত জালিয়াতি ৰোধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি শ্ৰী শৰ্মাই লগতে বৰপেটা জিলাত ১১০ শতাংশ লোকে আধাৰ কাৰ্ড লাভ কৰা বুলি তথ্য দাঙি ধৰে। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা কৰি থকা বহু লোকক আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে আটক কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয়, যে এনেদৰে অনুপ্ৰৱেশ কৰা লোকসকলেই পৰৱৰ্তী সময়ত জালিয়াতিৰে আধাৰ কাৰ্ড সংগ্রহ কৰে। এনে চক্ৰান্তক প্রতিহত কৰাৰ বাবে আধাৰ কাৰ্ডৰ আবেদনৰ সৈতে ২০১৪ চনত এন আৰ চিত আবেদন কৰাৰ প্ৰমাণ পত্ৰ গাঠি দিব লাগিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।