ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ঢকুৱাখনাৰ ম’হঘূলি চাপৰিত কালিৰে পৰা ৩দিনীয়াকৈ ফাট বিহুৰ অনুষ্ঠিত

ঢকুৱাখনাৰ চাৰিকড়িয়া নৈ পাৰত অৱস্থিত ম’হঘূলি চাপৰিত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ফাট বিহুৰ আজি দ্বিতীয় দিনাও বিহুতলিত উখল মাখল পৰিবেশে বিৰাজ কৰে। ঢোল, পেঁপা, গগনাৰ মাতেৰে ফাট বিহুতলি মুখৰ হৈ উঠিছে। সমন্বয়ৰ বাৰ্তা কঢ়িয়াই অনা এই বিহুৰ আজি দ্বিতীয় দিনা বর্ণিল কার্যসূচী ৰূপায়ণ কৰা হয়। কপৌ ফুল আৰু গছপুলি ৰোপণেৰে আজি ফাট বিহুৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে গামোচা প্ৰতিযোগিতা, হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি ফাট বিহুৰ বছৰেকীয়া স্মৰণিকা বিহুৱান আজি উন্মোচন কৰা হয়। কাইলৈ অন্তিম দিনা হ’বলগীয়া মুকলি সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ কথা। মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ প্ৰদান বৰুৱাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী বিধায়ক আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।