২০১৫ চনৰ পাছত আফগানিস্তানত কালি হোৱা আটাইতকৈ ভয়াৱহ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮১২ লৈ বৃদ্ধি পাইছে। ভূমিকম্পত এইপর্যন্ত দুহেজাৰ ৮১৭ গৰাকী লোক আঘাতপ্রাপ্ত হোৱাৰ বাতৰি আহিছে। দেশখনৰ চৰকাৰী মুখপাত্র জাবিহুল্লাহ মুজাহিদে প্ৰকাশ কৰা অনুসৰি ভূমিকম্পত কুনাৰ অঞ্চলটো সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পাছতে ক্ষতিৰ সন্মুখীন হোৱা অঞ্চলৰ তালিকাত নানগড়হৰ, লাঘমান, নুৰিস্তান আৰু পঞ্জচিৰ আছে বুলি তেওঁ প্ৰকাশ কৰে। এই অঞ্চলসমূহৰ প্ৰায়সমূহ গাঁৱেই ধ্বংস হৈছে আৰু গাঁওসমূহলৈ সংযোগ বিধবস্ত হোৱাৰ ফলত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে বুলি মুখপাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে। দেশখনৰ নুৰগল জিলাত এতিয়াও ভালেসংখ্যক লোক জীৱিত বা মৃত অৱস্থাত ধ্বংসস্তূপৰ মাজত সোমাই থকাৰ আশংকাও তেওঁ প্ৰকাশ কৰে। ইপিনে, ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচীয়ে তেওঁলোকৰ সদস্যসকলে প্ৰভাৱিত অঞ্চলসমূহৰ লোকসকলৰ বাবে খাদ্য যোগানৰ কাম অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে।
Site Admin | September 2, 2025 1:53 PM | 812 killed | over 2800 injured in Afghanistan earthquake
আফগানিস্তানত ভয়াৱহ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৮১২লৈ বৃদ্ধি
